অধ্যায় : ১
শস্য উৎপাদন আৰু ব্যৱস্থাপনা
১. খালী ঠাই পূৰণ কৰা -
(ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ———— বোলে।
উত্তৰ : একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বোলে।
(খ) শস্য সিঁচাৰ আগতে মাটিডৰা ———— হয়।
উত্তৰ :শস্য সিঁচাৰ আগতে মাটিডৰা চহাই কোমল বা ঢিলা কৰি হয়।
(গ) নষ্ট হোৱা বীজবোৰ পানীত ———— থাকে।
উত্তৰ :নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে।
(ঘ) শস্য বৃদ্ধিৰ বাবে সূৰ্যৰ পোহৰ আৰু মাটিৰপৰা ———— আৰু ————ৰ প্রয়োজন।
উত্তৰ :শস্য বৃদ্ধিৰ বাবে সূৰ্যৰ পোহৰ আৰু মাটিৰপৰা পানী আৰু পোষক দ্ৰব্য (খনিজ লৱণ)ৰ প্ৰয়োজন।
(ঙ) খেতি পথাৰত গজা অপ্ৰয়োজনীয় উদ্ভিদসমূহক ———— বোলে।
উত্তৰ:খেতি পথাৰত গজা অপ্ৰয়োজনীয় উদ্ভিদসমূহক অপতৃণ বোলে।
(চ) শস্য চপোৱা আৰু মৰণা মৰা যন্ত্ৰটোক ———— বোলে ।
উত্তৰ:শস্য চপোৱা আৰু মৰণা মৰা যন্ত্ৰটোক কম্বাইন মেচিন বোলে।
২. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :
‘ক’ অংশ | ‘খ’ অংশ |
(ক) ৰাসায়নিক সাৰ | ক) শস্য চপোৱা সঁজুলি |
(খ) জৈৱিক সাৰ | খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্রব্য |
(গ) দলিমাৰি | গ) গৰুৰ খাদ্য |
(ঘ) কাচি | ঘ) ধান আৰু মৰ |
(ঙ) খাৰিফ শস্য | ঙ) চপৰা ভঙা সঁজুলি |
(চ) ৰবি শস্য | চ) ইউৰিয়া আৰু ছুপাৰ ফছফেট |
ছ) ঘেঁহু, বুট, মটৰ মাহ। |
উত্তৰ :
‘ক’ অংশ | ‘খ’ অংশ |
(ক) ৰাসায়নিক সাৰ | চ) ইউৰিয়া আৰু ছুপাৰ ফছফেট |
(খ) জৈৱিক সাৰ | খ) উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্য |
(গ) দলিমাৰি | ঙ) চপৰা ভঙা সঁজুলি |
(ঘ) কাচি | ক) শস্য চপোৱা সঁজুলি |
(ঙ) খাৰিফ শস্য | ঘ) ধান আৰু মাকৈ |
(চ) ৰবি শস্য | ছ) ঘেঁহু, বুট, মটৰ মাহ |
৩. চমুকৈ বৰ্ণনা কৰা :
i) মাটি চহোৱা : কৃষি কাৰ্যৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হ’ল মাটিডৰা চহাই ঢিলা বা কোমল কৰি লোৱা । নাঙল বা যান্ত্ৰিক হালৰ সহায়ত মাটি চহ কৰা হয় । মাটি চহাই ঢিলা কৰি দিলে উদ্ভিদৰ শিপাই মাটিৰ বহু গভীৰলৈকে যাব পাৰে আৰু কোমল মাটিত অতি সহজে উশাহ-নিশাহ ল’ব পাৰে । তদুপৰি, মাটিত থকা পোষক দ্ৰব্যসমূহ ওপৰলৈ আহে, যাৰ ফলত উদ্ভিদে এইসমূহ শিপাৰদ্বাৰা সহজে শোষণ কৰিব পাৰে । মাটি চহোৱাৰ পাছত মৈ দি মাটি সমান কৰা হয় যাতে বীজ সিঁচিবলৈ সুবিধা হয় ।
ii) বীজ সিঁচা : মাটি চহোৱাৰ পাছত কৃষি কাৰ্যৰ আটাইতকৈ প্ৰধান কাম হ’ল বীজ সিঁচা. বীজ সিঁচাৰ আগতে অধিক উৎপাদনক্ষম, পৰিষ্কাৰ তথা নিৰোগী উন্নত জাতৰ বীজ বাছি ল’ব লাগে. বীজ সিঁচিবলৈ পৰম্পৰাগতভাৱে চুপি আকৃতিৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়. আজিকালি ট্ৰেক্টৰৰ সহায়ত ‘বীজ সিঁচা যন্ত্ৰ’ (Seed drill) ব্যৱহাৰ কৰি অতি কম সময়তে আৰু কম শ্ৰমেৰে বীজ সিঁচিব পাৰি. এই যন্ত্ৰই সমান দূৰত্ব আৰু গভীৰতাত বীজবোৰ সিঁচাৰ লগতে বীজবোৰ মাটিৰে ঢাকি দিয়ে, যাৰ ফলত চৰায়ে বীজবোৰ ভক্ষণ কৰিব নোৱাৰে I
iii) বন-বাত নিৰোৱা: খেতি পথাৰত শস্যৰ বাহিৰে গজা অপ্ৰয়োজনীয় উদ্ভিদবোৰ (অপতৃণ) আঁতৰোৱা প্ৰক্ৰিয়াকে নিৰোৱা বোলে I ই শস্যক পুষ্টি আৰু পোহৰ পোৱাত সহায় কৰে I
iv) মৰণা মৰা (Threshing) : শস্য পৈণত হোৱাৰ পাছত পথাৰৰ পৰা তাক কাটি অনা কাৰ্যক শস্য চপোৱা বোলে । শস্য চপোৱাৰ পাছত গা-গছৰ পৰা শস্য বা বীজসমূহ পৃথক কৰা যি প্ৰক্ৰিয়া, তাক ‘মৰণা মৰা’ বুলি কোৱা হয় । আমাৰ দেশত পূৰ্বতে মানুহে হাতেৰে বা কাচিৰ সহায়ত এই কাম কৰিছিল । আজিকালি ‘কম্বাইন মেচিন’ (Combine machine) নামৰ এক আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰা হয় । এই যন্ত্ৰটোৱে একেলগে শস্য চপোৱা আৰু মৰণা মৰা— এই দুয়োটা কাম অতি সহজে আৰু কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰে । সৰু খেতিয়কসকলে এটুকুৰা মুকলি ঠাইত বতাহত জৰা যন্ত্ৰৰ সহায়তো পতানৰ পৰা বীজ পৃথক কৰে ।
v) ৰবি শস্য (Rabi Crops) : শীতকালত যিবোৰ শস্যৰ খেতি কৰা হয়, সেইবোৰক ৰবি শস্য বোলে । ভাৰতবৰ্ষত সাধাৰণতে এই শস্যৰ সময় অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ থাকে । ৰবি শস্যৰ বাবে তুলনামূলকভাৱে কম পৰিমাণৰ পানীৰ প্ৰয়োজন হয় । এনে শস্যৰ কেইটামান প্ৰধান উদাহৰণ হ’ল— ঘেঁহু, সৰিয়হ, মটৰ মাহ, বুট আৰু তিল । এই শস্যসমূহ গৰম আৰু অধিক বৰষুণতকৈ ঠাণ্ডা জলবায়ুতহে ভালদৰে বৃদ্ধি পায় ।
vi) খাৰিফ শস্য (Kharif Crops) :বাৰিষা কালত বা বৰষুণৰ ঋতুত যিবোৰ শস্যৰ খেতি কৰা হয়, সেইবোৰক খাৰিফ শস্য বুলি কোৱা হয় । ভাৰতবৰ্ষত খাৰিফ শস্যৰ সময় সাধাৰণতে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ থাকে । এই শস্যসমূহ বৃদ্ধি হ’বলৈ যথেষ্ট পৰিমাণৰ পানী আৰু উষ্ণতাৰ আৱশ্যক হয় । খাৰিফ শস্যৰ প্ৰধান উদাহৰণসমূহ হ’ল— ধান, মাকৈ, চয়াবিন, বাদাম আৰু কপাহ । বাৰিষা কালৰ প্ৰচুৰ বৰষুণে এই শস্যবোৰ উৎপাদনত সহায় কৰে ।
৪. খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ’ব?
উত্তৰ :ঘেঁহু হ’ল এটা ৰবি শস্য, যাৰ বাবে কম পানী আৰু শীতকালৰ জলবায়ুৰ প্ৰয়োজন I খাৰিফ ঋতুত অত্যাধিক বৰষুণ আৰু গৰম থাকে, যি ঘেঁহু খেতিৰ বাবে অনুপযুক্ত, ফলত বীজবোৰ পচি যাব পাৰে বা উৎপাদন বহুত কম হ’ব।
৫. খেতি পথাৰত সাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ :শস্যই মাটিৰ পৰা পুষ্টিকৰ দ্ৰব্য শোষণ কৰে। একেডৰা মাটিতে বাৰে বাৰে খেতি কৰিলে মাটিৰ উৰ্বৰতা কমি যায়. মাটিৰ হেৰুৱা পুষ্টি পুনৰ ঘূৰাই আনিবলৈ আৰু উদ্ভিদৰ সুস্থ বৃদ্ধিৰ বাবে সাৰ প্ৰয়োগ কৰা হয় I
৬. পচন সাৰৰ উৎপাদন কিদৰে কৰা হয়?
উত্তৰ: খেতিয়কে পথাৰৰ এচুকত এটা গাঁত খান্দি তাত উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যবোৰ জমা কৰি ৰাখে. কিছুমান অণুজীৱৰ ক্ৰিয়াৰ ফলত এই দ্ৰব্যবোৰ পচি সাৰলৈ ৰূপান্তৰিত হয়, ইয়াকেই পচন সাৰ বোলে I
৭. জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বর্ণনা কৰা।
উত্তৰ:জৈৱিক সাৰ প্ৰাকৃতিক দ্ৰব্যৰ পচনৰ পৰা পোৱা যায় আৰু ই মাটিত হিউমাছ যোগান ধৰে I আনহাতে, ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা এবিধ অজৈৱিক লৱণ যি মাটিত হিউমাছ দিব নোৱাৰে, কিন্তু নাইট্ৰ’জেনৰ দৰে পুষ্টি প্ৰচুৰ পৰিমাণে দিয়ে I
৮। জলসিঞ্চন কি? ইয়াৰ পৰম্পৰাগত পদ্ধতিসমূহৰ নাম লিখা।
উত্তৰ:শস্যৰ পথাৰত নিয়মিত সময়ৰ অন্তৰালত পানী যোগান ধৰাকে জলসিঞ্চন বোলে I ইয়াৰ পৰম্পৰাগত পদ্ধতিবোৰ হ’ল— পানীৰ লোৰ (কপিকল), শিকলি পাম্প, ঢেঁকী পদ্ধতি আৰু ৰাহট (লিভাৰ পদ্ধতি) I
৯। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰ:
পানী ছটিওৱা পদ্ধতি (Sprinkler system): ইয়াত পাইপৰ মূৰত থকা ঘূৰ্ণনশীল বিন্ধাৰে বৰষুণৰ দৰে পানী গোটেই পথাৰত ছটিয়াই দিয়া হয়.
পানী নিগৰোৱা পদ্ধতি (Drip system): ইয়াত পানী টোপ টোপকৈ উদ্ভিদৰ শিপাৰ একেবাৰে ওচৰত পেলোৱা হয়, যাৰ ফলত পানীৰ অলপো অপচয় নহয়.
১০. একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে?
উত্তৰ:একেৰাহে খেতি কৰি থাকিলে মাটিৰ পৰা নাইট্ৰ’জেন, ফছফৰাছৰ দৰে প্ৰয়োজনীয় পোষক দ্ৰব্যবোৰ শেষ হৈ যায়, ফলত মাটিডৰা অনুৰ্বৰ হৈ পৰে আৰু পৰৱৰ্তী সময়ত শস্যৰ উৎপাদন বহুত কমি যায় I
১১। অপতৃণ বুলিলে কি বুজা? অপতৃণক কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি।
উত্তৰ: খেতি পথাৰত শস্যৰ লগত গজা অলাগতিয়াল উদ্ভিদবোৰেই হ’ল অপতৃণ, ইয়াক নিৰোৱা যন্ত্ৰৰে উভালি বা কাটি নিয়ন্ত্ৰণ কৰিব পাৰি, লগতে '2, 4-D' ৰ দৰে অপতৃণনাশক ৰাসায়নিক দ্ৰব্য স্প্ৰে’ কৰিও ইয়াক ধ্বংস কৰিব পাৰি I
গুৰুত্বপূৰ্ণ ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ :
১/ শস্য বুলিলে কি বুজা ? এটা উদাহৰণ দিয়া।
উত্তৰ: যেতিয়া একে জাতৰ উদ্ভিদ একে ঠাইতে এক বিশাল অঞ্চলত খেতি কৰা হয়, তেতিয়া তাক শস্য বুলি কোৱা হয় । উদাহৰণস্বৰূপে, ধানক শস্য বুলি ক'লে সেই পথাৰত কেৱল ধানৰ খেতি কৰা হৈছে বুলি বুজিব লাগিব ।
২/ ৰবি শস্য কি? উদাহৰণসহ লিখা।
উত্তৰ: শীতকালত উৎপাদিত শস্যক ৰবি শস্য বোলে । ইয়াৰ সময় সাধাৰণতে অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে । উদাহৰণ: ঘেঁহু, সৰিয়হ, মটৰ মাহ ইত্যাদি ।
৩/ খাৰিফ শস্য কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ: বাৰিষাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে । ইয়াৰ সময় সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ থাকে । উদাহৰণ: ধান, মাকৈ, চয়াবিন আদি ।
৪/ মাটি চহোৱা বা ঢিলা কৰাৰ দুটা সুবিধা লিখা।
উত্তৰ: মাটি চহোৱাৰ দুটা সুবিধা হ'ল:
ঢিলা মাটিত উদ্ভিদৰ শিপা সহজতে তললৈ যাব পাৰে আৰু শিপাই অতি সহজে উশাহ ল'ব পাৰে ।
মাটি চহাই ঢিলা কৰাৰ ফলত উদ্ভিদে মাটিত থকা পুষ্টিকৰ দ্ৰব্যসমূহ সহজে শিপাৰ দ্বাৰা শোষণ কৰিব পাৰে ।
৫/ নাঙলৰ 'নাল' আৰু 'ফাল' বুলিলে কি বুজা?
উত্তৰ: নাঙলত থকা শক্তিশালী ত্ৰিভুজ আকৃতিৰ লোৰ পাটিটোক নাঙলৰ 'ফাল' বোলে । আনহাতে, নাঙলৰ মূল অংশটো যিডাল দীঘল কাঠৰ মাৰিৰ লগত লগ লাগি থাকে, তাক নাঙলৰ 'নাল' বোলে ।
৬/ যান্ত্ৰিক হাল বা ট্ৰেক্টৰ ব্যৱহাৰৰ লাভ কি?
উত্তৰ: যান্ত্ৰিক হাল বা ট্ৰেক্টৰৰ ব্যৱহাৰে খেতিয়কৰ শাৰীৰিক শ্ৰম আৰু সময়—এই দুয়োটাকে কমাইছে । ইয়াৰ সহায়ত খুব কম সময়ত আৰু কম খৰচত মাটি চহাব পাৰি ।
৭/ উন্নত জাতৰ বীজ কেনেকুৱা হোৱা উচিত?
উত্তৰ: উন্নত জাতৰ বীজ সাধাৰণতে পৰিষ্কাৰ কৰি ৰখা তথা নিৰোগী ভাল সঁচৰ পৰা গোটোৱা হ'ব লাগে । খেতিয়কে সদায় অধিক উৎপাদনক্ষম বীজ নিৰ্বাচন কৰিব লাগে ।
৮/ বীজ সিঁচা যন্ত্ৰৰ (Seed Drill) দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: বীজ সিঁচা যন্ত্ৰৰ দুটা বৈশিষ্ট্য হ'ল:
এই সঁজুলিয়ে সমান দূৰত্ব আৰু গভীৰতাত বীজবোৰ সিঁচে ।
ই সিঁচাৰ পিছত বীজবোৰ সমানভাৱে মাটিৰে ঢাক খুৱাই দিয়ে যাতে চৰায়ে বীজ ভক্ষণ কৰিব নোৱাৰে ।
৯/ সাৰ বুলিলে কি বুজা? ই কেইপ্ৰকাৰৰ?
উত্তৰ: উদ্ভিদসমূহ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে মাটিত কৃত্ৰিমভাৱে যিবোৰ পোষক দ্ৰব্য প্ৰয়োগ কৰা হয়, তাকে সাৰ বোলে । সাৰ দুই প্ৰকাৰৰ— জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ ।
১০/ জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰ: প্ৰাণী আৰু উদ্ভিদৰ বৰ্জিত দ্ৰব্যসমূহৰ পচনৰ ফলত জৈৱিক সাৰ পোৱা যায় । খেতিয়কে গাঁত খান্দি তাত বৰ্জিত দ্ৰব্যবোৰ পচিবলৈ ৰাখে আৰু কিছুমান অণুজীৱৰ দ্বাৰা এই পচন কাৰ্য সম্পন্ন হয় ।
১১/ ৰাসায়নিক সাৰৰ চাৰিটা উদাহৰণ দিয়া।
উত্তৰ: ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল— ইউৰিয়া, ছুপাৰ ফছফেট, পটাছ আৰু এন পি কে (নাইট্ৰ'জেন, ফছফৰাছ, পটাছিয়াম) ।
১২/ অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগৰ দুটা কুফল লিখা।
উত্তৰ: অত্যধিক ৰাসায়নিক সাৰৰ প্ৰয়োগৰ দুটা কুফল হ'ল:
ই মাটিডৰাৰ উৰ্বৰতা হ্ৰাস কৰে ।
ৰাসায়নিক সাৰৰ দ্বাৰা মাটিৰ উপৰি পানীও প্ৰদূষিত হয় ।
১৩/ শস্যাবর্তন কি? ই কেনেকৈ সহায় কৰে?
উত্তৰ: মাটিৰ পোষক দ্ৰব্য পুনৰ পূৰ্ণ কৰিবলৈ বিভিন্ন শস্যৰ খেতি এটাৰ পিছত আন এটা কৰাকে শস্যাবর্তন বোলে । ইয়াৰ ফলত মাটিত নাইট্ৰ'জেনৰ দৰে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পায় ।
১৪/ ৰাইজ'বিয়াম বেক্টেৰিয়াৰ কাম কি?
উত্তৰ: ৰাইজ'বিয়াম বেক্টেৰিয়াই মাহজাতীয় শস্যৰ শিপাৰ টেমুনাত বাস কৰি বায়বীয় নাইট্ৰ'জেন স্থিৰকৰণ কৰিব পাৰে । ই মাটিডৰাত নাইট্ৰ'জেনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ।
১৫/ জলসিঞ্চন কাক বোলে?
উত্তৰ: বিভিন্ন সময়ত নিয়মিতভাৱে শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে । মাটিভেদে, শস্যভেদে আৰু বতৰ অনুযায়ী পানী যোগানৰ সময় আৰু পৰিমাণ বেলেগ হয় ।
১৬/ জলসিঞ্চনৰ দুটা আধুনিক পদ্ধতিৰ নাম লিখা।
উত্তৰ: জলসিঞ্চনৰ দুটা আধুনিক পদ্ধতি হ'ল:
পানী ছটিওৱা ব্যৱস্থা (Sprinkler system) ।
পানী নিগৰোৱা ব্যৱস্থা (Drip system) ।
১৭/ অপতৃণ কি? ইয়াক কিয় আঁতৰাব লাগে?
উত্তৰ: খেতিপথাৰত শস্যৰ বাহিৰে স্বাভাৱিকভাৱে গজা অপ্ৰয়োজনীয় উদ্ভিদসমূহকে অপতৃণ বোলে । যিহেতু ইহঁতে শস্যৰ সমানে পানী, পোষক দ্ৰব্য আৰু পোহৰ গ্ৰহণ কৰি শস্যৰ বৃদ্ধিত বাধা দিয়ে, সেয়ে ইয়াক আঁতৰোৱা প্ৰয়োজন ।
১৮/ মৰণা মৰা কাক বোলে? ইয়াৰ বাবে কি যন্ত্ৰ ব্যৱহাৰ হয়?
উত্তৰ: শস্য চপোৱাৰ পাছত গা-গছৰ পৰা শস্য বা বীজসমূহ পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে । মৰণা মৰা কামটো 'কম্বাইন মেচিন'ৰ দ্বাৰা কৰা হয় ।
১৯/ শস্য সংৰক্ষণৰ আগতে ৰ'দত শুকুৱাব লাগে কিয়?
উত্তৰ: সতেজ শস্যত আৰ্দ্ৰতা বেছি থাকে; নুশুকোৱাকৈ সংৰক্ষণ কৰিলে সেইবোৰ অণুজীৱৰ দ্বাৰা আক্ৰান্ত হৈ অংকুৰণৰ সামৰ্থ্য হেৰুৱাব পাৰে । ৰ'দত শুকুৱালে বীজবোৰ অপকাৰী কীট আৰু ভেঁকুৰৰ পৰা ৰক্ষা পৰে ।
২০/ শস্য চপোৱা চাৰিটা উৎসবৰ নাম লিখা।
উত্তৰ: শস্য চপোৱাৰ চাৰিটা উৎসৱৰ নাম হ'ল— বিহু, বৈশাখী, পোংগল আৰু নবান্ন
******