Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's

    Chapter - 1

    এছিড, ক্ষাৰক আৰু লবণ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    প্রশ্নাৱলী : 

    ১. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্রমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

    উত্তৰ:  প্ৰথমে ৰঙা লিটমাছ কাগজখন তিনিওটা দ্ৰৱত ডুবাই চাব লাগে। যিটো দ্ৰৱত কাগজখন নীলা হ’ব, সেইটো হ'ল ক্ষাৰকীয় দ্ৰৱ ।

    • এতিয়া সেই নীলা হোৱা কাগজখন বাকী থকা দুটা দ্ৰৱত ডুবাব লাগে। যিটো দ্ৰৱত নীলা লিটমাছ কাগজখন পুনৰ ৰঙা হ’ব, সেইটো হ'ল এছিড দ্ৰৱ ।


    • যিটো দ্ৰৱত লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়, সেইটো হ’ল পাতিত পানী (প্ৰশম)।

    প্রশ্নাৱলী : 

    ১. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

    উত্তৰ: দৈ আৰু টেঙা খাদ্যত এছিড থাকে । এই এছিডে পিতল আৰু তামৰ দৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি বিষাক্ত লৱণ উৎপন্ন কৰে । ইয়াৰ ফলত খাদ্যবস্তু বিষাক্ত হৈ পৰে আৰু ব্যৱহাৰৰ অনুপযোগী হয়।

    ২. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

    উত্তৰ: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ'জেন গেছ (H2) নিৰ্গত হয় ।

    উদাহৰণ: যিংকৰ টুকুৰাৰ সৈতে লঘু ছালফিউৰিক এছিডৰ বিক্ৰিয়া:

    পৰীক্ষা: নিৰ্গত গেছখিনি চাবোন পানীৰ মাজেৰে পঠালে বুদবুদৰ সৃষ্টি হয় । এই বুদবুদৰ ওচৰত জ্বলি থকা ম'মবাতি এডাল ধৰিলে ই 'ফট্ ফট্' (pop sound) শব্দ কৰি জ্বলি উঠে। ই হাইড্ৰ'জেন গেছৰ উপস্থিতি প্ৰমাণ কৰে ।

    ৩. এটা ধাতব যৌগ A লঘু হাইড্ৰ'ক্ল'ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোবে এডাল জ্বলি থকা ম'ম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল'ৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

    উত্তৰ: যিহেতু উৎপন্ন হোৱা গেছটোৱে জ্বলি থকা ম’ম নুমুৱায়, গতিকে গেছটো কাৰ্বন ডাই-অক্সাইড (CO2) । উৎপন্ন হোৱা এটা যৌগ যিহেতু কেলছিয়াম ক্ল’ৰাইড, গতিকে যৌগ 'A' হ’ল কেলছিয়াম কাৰ্বনেট ।  বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো-

    প্রশ্নাৱলী : 

    ১. জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক'হল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায়?

    উত্তৰ: HCl আৰু HNO3 জলীয় দ্ৰৱত আয়নিত হৈ হাইড্ৰ’জেন আয়ন (H+) উৎপন্ন কৰে, যাৰ বাবে ইহঁতে আম্লিক ধৰ্ম দেখুৱায় । কিন্তু এলক’হল আৰু গ্লুক’জৰ দ্ৰৱত H+ আয়ন উৎপন্ন নহয় ।

    ২. এছিড এটাৰ জলীয় দ্রবই কিয় বিদ্যুৎ পৰিবহন কৰে?

    উত্তৰ: এছিডৰ জলীয় দ্ৰৱত মুক্ত আয়ন (H+) থাকে। দ্ৰৱত থকা এই আয়নবোৰৰ গতিশীলতাৰ বাবেই বিদ্যুৎ পৰিবাহিত হয় ।

    ৩. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়?

    উত্তৰ: পানীৰ অনুপস্থিতিত HCl অণুৰ পৰা H+আয়ন পৃথক হ’ব নোৱাৰে । যিহেতু শুকান অৱস্থাত কোনো হাইড্ৰ’জেন আয়ন নাথাকে, সেয়েহে ই লিটমাছৰ ৰঙৰ পৰিবৰ্তন নঘটায় ।

    ৪. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

    উত্তৰ: এছিড আৰু পানীৰ মিশ্ৰণ এটা তীব্ৰ তাপবৰ্জী বিক্ৰিয়া । যদি পানী গাঢ় এছিডত যোগ কৰা হয়, উৎপন্ন হোৱা প্ৰচুৰ তাপৰ বাবে মিশ্ৰটো ছিটিকি পৰি বিপদ ঘটাব পাৰে । সেয়েহে নিৰাপদ থাকিবলৈ পানী লৰাই থাকি লাহে লাহে এছিড যোগ কৰা হয় ।

    ৫. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্র’নিয়ম আয়ন (H3O+) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?

    উত্তৰ: এছিড লঘু কৰিলে প্ৰতি একক আয়তনত হাইড্ৰ’নিয়াম আয়ন (H3O+) ৰ গাঢ়তা সলনি হয় ।

    ৬. ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্র'ক্সাইড আয়ন (OH-) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ'ব?

    উত্তৰ: দ্ৰৱটোত অধিক ক্ষাৰক যোগ কৰিলে প্ৰতি একক আয়তনত হাইড্ৰ’ক্সাইড আয়ন (OH-) ৰ গাঢ়তা বৃদ্ধি পাব ।

    প্রশ্নাৱলী : 

    ১. তোমাৰ হাতত A আৰু B টা দ্রব আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8। কোনটো দ্রৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

    উত্তৰ: দ্ৰৱ A (pH 6)-ত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি ।

    • দ্ৰৱ A হ'ল আম্লিক (যিহেতু pH < 7) ।


    • দ্ৰৱ B হ'ল ক্ষাৰকীয় (যিহেতু pH > 7) ।

    ২. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?

    উত্তৰ: হাইড্ৰ’জেন আয়নৰ গাঢ়তা যিমানে বেছি হয়, দ্ৰৱটো সিমানে বেছি আম্লিক হয় আৰু ইয়াৰ pH মান কমি যায় ।

    ৩. ক্ষাৰকীয় দ্রৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?

    উত্তৰ: হয়, ক্ষাৰকীয় দ্ৰৱতো H+ আয়ন থাকে । কিন্তু তাত হাইড্ৰ’ক্সাইড আয়ন (OH-) ৰ গাঢ়তা হাইড্ৰ’জেন আয়নতকৈ বহুত বেছি হয়, সেয়েহে দ্ৰৱটো ক্ষাৰকীয় হয় ।

    ৪. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্র'ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?

    উত্তৰ: যদি মাটিৰ প্ৰকৃতি অত্যধিক আম্লিক হয় (অৰ্থাৎ pH মান বহু কমি যায়), তেতিয়া মাটিৰ আম্লিকতা প্ৰশমিত কৰিবলৈ কৃষকে ক্ষাৰকীয় ধৰ্মৰ পোৰা চুণ বা শিথিলিত চুণ ব্যৱহাৰ কৰিব ।

    প্রশ্নাৱলী : 

    ১. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?

    উত্তৰ: ব্লিচিং পাউদাৰ (Bleaching Powder) ।

    ২. ক্ল'ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

    উত্তৰ: শুকান শিথিলিত চুণ বা কেলছিয়াম হাইড্ৰ’ক্সাইড 

    ৩. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা।

    উত্তৰ: ছ’ডিয়াম কাৰ্বনেট বা কাপোৰ ধোৱা ছ’ডা 

    ৪. ছ'ডিয়াম হাইড্র'জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।

    উত্তৰ: ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেট (বেকিং ছ’ডা) উত্তপ্ত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই-অক্সাইড গেছ উৎপন্ন কৰে ।

    বিক্ৰিয়াটো - 

    ৫. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

    উত্তৰ: প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি পুনৰ টান গোটা জিপছামলৈ ৰূপান্তৰিত হয় ।

    • সমীকৰণ: 

    অনুশীলনী :

    ১. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে—

    (a) 1 

    (b) 4 

    (c) 5 

    (d) 10

    উত্তৰ: (d) 10

    (যিহেতু দ্ৰৱটোৱে ৰঙা লিটমাছ নীলা কৰিছে, গতিকে ই এটা ক্ষাৰকীয় দ্ৰৱ। ক্ষাৰকীয় দ্ৰৱৰ pH সদায় 7 তকৈ বেছি হয়।)

    ২. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—

    (a) NaCl 

    (b) HCl 

    (c) LiCl 

    (d) KCl

    উত্তৰ: (b) HCl

    (কণীৰ খোলা কেলছিয়াম কাৰ্বনেটেৰে গঠিত। ই এছিডৰ (HCl) সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই-অক্সাইড গেছ উৎপন্ন কৰে যিয়ে চূণপানী ঘোলা কৰে।)

    ৩. NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব—

    (a) 4mL 

    (b) 8mL 

    (c) 12mL 

    (d) 16mL

    উত্তৰ: (d) 16mL

    (যদি NaOH ৰ পৰিমাণ দুগুণ (10 ৰ পৰা 20) কৰা হয়, তেন্তে তাক প্ৰশমিত কৰিবলৈ লগা HCl ৰ পৰিমাণো দুগুণ (8 ৰ পৰা 16) হ’ব।)

    ৪. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

    (a) এণ্টিবায়টিক

    (b) বিষনাশক (analgesic)

    (c) অম্লনাশক

    (d) বীজাণুবাৰক (antiseptic

    উত্তৰ: (c) অম্লনাশক (Antacid)

    (পাকস্থলীত উৎপন্ন হোৱা অতিৰিক্ত এছিড প্ৰশমিত কৰিবলৈ ক্ষাৰকীয় গুণসম্পন্ন অম্লনাশক ব্যৱহাৰ কৰা হয়।)

    ৫. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—

    (a) লঘু ছালফিউৰিক এচিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

    উত্তৰঃ শব্দ সমীকৰণ:  ছালফিউৰিক এচিড + যিংক→ যিংক ছালফেট + হাইড্ৰ’জেন

    সন্তুলিত সমীকৰণ: 

    (b) লঘু হাইড্ৰ’ক্লৰিক এচিডে মেগনেছিয়াম ফিতাৰে সৈতে বিক্ৰিয়া কৰে।

    উত্তৰঃ শব্দ সমীকৰণ: হাইড্ৰ’ক্লৰিক এচিড + মেগনেছিয়াম → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন

    সন্তুলিত সমীকৰণ: 

    (c) লঘু ছালফিউৰিক এচিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে।

    উত্তৰঃ শব্দ সমীকৰণ: ছালফিউৰিক এচিড + এলুমিনিয়াম → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন

    সন্তুলিত সমীকৰণ: 

    (d) লঘু হাইড্ৰ’ক্লৰিক এচিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।

    উত্তৰঃ শব্দ সমীকৰণ: হাইড্ৰ’ক্লৰিক এচিড + আইৰণ → আইৰণ (II) ক্ল’ৰাইড + হাইড্ৰ’জেন

    সন্তুলিত সমীকৰণ: 

    ৬. এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

    উত্তৰ: কাৰ্যকলাপ ২.৮ ৰ সহায়ত ইয়াৰ প্ৰমাণ কৰিব পাৰি। এটা বিকাৰত গ্লুক'জ বা এলক'হল লৈ চিত্ৰ ২.৩ ৰ দৰে বিদ্যুৎ বৰ্তনী সংযোগ কৰিলে দেখা যায় যে বাল্বটো জ্বলি উঠা নাই। ইয়াৰ অৰ্থ হ'ল গ্লুক'জ বা এলক'হলৰ দ্ৰৱই বিদ্যুৎ পৰিবহন নকৰে কাৰণ ইহঁতে জলীয় দ্ৰৱত H+ আয়ন উৎপন্ন নকৰে। যিহেতু এচিড ধৰ্মৰ বাবে H+ আয়ন অপৰিহাৰ্য, সেয়েহে হাইড্ৰ'জেন থকা সত্ত্বেও ইহঁতক এচিড বুলি ধৰা নহয়।

    ৭. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?

    উত্তৰ: পাতিত পানী সম্পূৰ্ণৰূপে বিশুদ্ধ আৰু ইয়াত কোনো আয়ন নাথাকে, সেয়ে ই বিদ্যুৎ পৰিবহন নকৰে। আনহাতে, বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে আহোঁতে কাৰ্বন ডাই-অক্সাইডৰ দৰে গেছবোৰ পানীত দ্ৰৱীভূত হৈ এছিড (যেনে- কাৰ্বনিক এছিড) উৎপন্ন কৰে, যিয়ে পানীত আয়ন সৃষ্টি কৰে। এই আয়নৰ উপস্থিতিৰ বাবেই বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰে।

    ৮. পানীৰ অনুপস্থিতিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?

    উত্তৰ: এছিডৰ আম্লিক ধৰ্মৰ বাবে হাইড্ৰ'জেন আয়ন H+ দায়ী। এই আয়নসমূহ কেৱল পানীৰ উপস্থিতিতহে এছিডৰ অণুৰ পৰা পৃথক হ'ব পাৰে। পানীৰ অনুপস্থিতিত আয়ন সৃষ্টি নোহোৱাৰ বাবে এছিডে আম্লিক ধৰ্ম প্ৰদৰ্শন নকৰে।

    ৯. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ

    (a) প্ৰশম

    (b) তীব্ৰ ক্ষাৰকীয়

    (c) তীব্ৰ আম্লিক

    (d) মৃদু আম্লিক

    (e) মৃদু ক্ষাৰকীয়

    হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা।

    উত্তৰঃ পাঁচটা দ্ৰৱ A, B, C, D আৰু E ৰ pH ক্ৰমে 4, 1, 11, 7 আৰু 9:

    • (a) প্ৰশম: D (pH 7)


    • (b) তীব্ৰ ক্ষাৰকীয়: C (pH 11)


    • (c) তীব্ৰ আম্লিক: B (pH 1)


    • (d) মৃদু আম্লিক: A (pH 4)


    • (e) মৃদু ক্ষাৰকীয়: E (pH 9)



    • হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰম: C < E < D < A < B (যিমানে pH কমে, আয়নৰ গাঢ়তা সিমানে বাঢ়ে)।

    ১০. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়াম ফিতা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্লৰিক এচিড (HCl) আৰু পৰীক্ষানল B ত এচেটিক এচিড যোগ কৰা হ’ল। এচিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়?

    উত্তৰ: পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ HCl এটা তীব্ৰ এছিড আৰু ই অধিক পৰিমাণে H+ আয়ন উৎপন্ন কৰে, যাৰ ফলত মেগনেছিয়ামৰ সৈতে ইয়াৰ বিক্ৰিয়া দ্ৰুত হয় আৰু হাইড্ৰ’জেন গেছ বেছি বেগেৰে নিৰ্গত হয়। আনহাতে, এচেটিক এছিড এটা মৃদু এছিড।

    ১১. কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ’লে pH সলনি হ’ব নে? ব্যাখ্যা কৰা।

    উত্তৰ: হয়, pH মান কমিব। গাখীৰ দৈত পৰিণত হ'লে তাত লেকটিক এছিড উৎপন্ন হয়। এছিড উৎপন্ন হোৱাৰ বাবে দ্ৰৱটো অধিক আম্লিক হৈ পৰে আৰু ফলস্বৰূপে ইয়াৰ pH মান 6 তকৈ কমি যায়।

    ১২. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।

    (a) কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে।

    উত্তৰ: গাখীৰত বেকিং ছ'ডা যোগ কৰিলে ইয়াৰ pH মান বৃদ্ধি পায় আৰু গাখীৰখিনি সামান্য ক্ষাৰকীয় হয়। ইয়াৰ ফলত গাখীৰত সহজে এছিড গঠন হ'ব নোৱাৰে আৰু গাখীৰখিনি বহু সময়লৈ নষ্ট নোহোৱাকৈ থাকে।

    (b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?

    উত্তৰ : যিহেতু গাখীৰখিনি ক্ষাৰকীয় কৰি লোৱা হৈছে, গতিকে দৈত পৰিণত হ'বলৈ প্ৰথমে উৎপন্ন হোৱা লেকটিক এছিডে ক্ষাৰকখিনিক প্ৰশমিত কৰিব লাগে। সেয়েহে এই প্ৰক্ৰিয়াটোত স্বাভাৱিকতকৈ অধিক সময় লাগে।

    ১৩. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

    উত্তৰ: প্লাষ্টাৰ অব পেৰিছে জলীয় বাষ্প বা পানীৰ সংস্পৰ্শলৈ আহিলে পুনৰ জিপছামলৈ ৰূপান্তৰিত হয় আৰু টান গোটা পদাৰ্থত পৰিণত হয়। ইয়াৰ ফলত ইয়াৰ কাৰ্যক্ষমতা নষ্ট হয়। সেয়েহে ইয়াক সদায় শুকান পাত্ৰত ৰখা হয়।

    ১৪. প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

    উত্তৰ: এছিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হোৱা প্ৰক্ৰিয়াটোকেই প্ৰশমন বিক্ৰিয়া বোলে।

    উদাহৰণ ১:  

    উদাহৰণ ২: 

    কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ: 

    (i) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত। 

    (ii) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ।

    বেকিং ছ’ডাৰ ব্যৱহাৰ: 

    (i) বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ। 

    (ii) অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

    এছিড, ক্ষাৰক আৰু লবণ 100 MCQ

    Class 10 Science Quiz

    অধ্যায় ২: এছিড, ক্ষাৰক আৰু লৱণ

    গুৰুত্বপূৰ্ণ ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ :

    ১. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ? 

    উত্তৰ: দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে যিবোৰে পিতল আৰু তামৰ দৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি বিষাক্ত পদাৰ্থ উৎপন্ন কৰিব পাৰে আৰু ই স্বাস্থ্যৰ হানি কৰাৰ সম্ভাৱনা থাকে I

    ২. এছিডৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ? 

    উত্তৰ: এছিডৰ জলীয় দ্ৰৱত হাইড্ৰ’জেন আয়ন (H+(aq)) উৎপন্ন হয় আৰু এই আয়নসমূহৰ জৰিয়তে দ্ৰৱটোৰ মাজেদি বিদ্যুৎ প্ৰবাহিত হ’ব পাৰে I

    ৩. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ? 

    উত্তৰ: পানীৰ অনুপস্থিতিত HCl অণুৰ পৰা H+ আয়নৰ পৃথকীকৰণ ঘটিব নোৱাৰে আৰু যিহেতু কেৱল পানীৰ উপস্থিতিতহে ই হাইড্ৰ’জেন আয়ন উৎপন্ন কৰে, সেয়ে শুকান লিটমাছৰ ৰঙ সলনি নহয় I

    ৪. এছিড এটা লঘু কৰোঁতে এছিডটো পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ? 

    উত্তৰ: পানীত এছিড দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো অতিশয় তাপবৰ্জী আৰু যদি পানী গাঢ় এছিডত যোগ কৰা হয়, তেন্তে উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে বা কাঁচৰ পাত্ৰটো ভাঙিব পাৰে I

    ৫. অম্লনাশক (Antacid) কি? এটা উদাহৰণ দিয়া। 

    উত্তৰ: পাকস্থলীত উৎপন্ন হোৱা অতিৰিক্ত এছিড প্ৰশমিত কৰিবলৈ ব্যৱহাৰ কৰা মৃদু ক্ষাৰকীয় পদাৰ্থক অম্লনাশক বোলে, যাৰ এটা উদাহৰণ হ’ল মেগনেছিয়াম হাইড্ৰ’ক্সাইড বা মেগনেছিয়ামৰ দুগ্ধ I

    ৬. প্ৰশমন বিক্ৰিয়া কি ? এটা উদাহৰণ দিয়া। 

    উত্তৰ: এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হোৱা বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বোলে, যেনে— 

    NaOH(aq) + HCl(aq)→ NaCl(aq) + H2O(l).

    ৭. মুখৰ ভিতৰত দন্তক্ষয় কেনেকৈ আৰম্ভ হয় ? 

    উত্তৰ: মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কম হ’লে দন্তক্ষয়ৰ সূচনা হয় কাৰণ মুখৰ ভিতৰত থকা বেকটেৰিয়াই খাদ্য কণিকাবোৰ জীর্ণ কৰি এছিড উৎপন্ন কৰে I

    ৮. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ’ব লাগে কিয় ? 

    উত্তৰ: প্লাষ্টাৰ অব পেৰিছ পানীৰ সংস্পৰ্শলৈ আহিলে পুনৰ জিপছামলৈ পৰিৱৰ্তিত হৈ এটা টান গোটা পদাৰ্থত পৰিণত হয়, সেয়েহে ইয়াক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰখা প্ৰয়োজন I

    ৯. সাৰ্বজনীন সূচক কি ? 

    উত্তৰ: সাৰ্বজনীন সূচক হ’ল বিভিন্ন সূচকৰ এক মিশ্ৰণ যিয়ে দ্ৰৱত থকা হাইড্ৰ’জেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰঙ প্ৰদৰ্শন কৰে I

    ১০. তীব্ৰ এছিড আৰু মৃদু এছিডৰ মাজৰ পাৰ্থক্য কি ? 

    উত্তৰ: যিবোৰ এছিডে পানীত অধিক পৰিমাণে H+ আয়ন উৎপন্ন কৰে সেইবোৰ তীব্ৰ এছিড আৰু যিবোৰ এছিডে কমকৈ H+ আয়ন উৎপন্ন কৰে সেইবোৰক মৃদু এছিড বোলে I

    ১১. পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা। 

    উত্তৰ: পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ছ’ডিয়াম কাৰ্বনেট বা কাপোৰ ধোৱা ছ’ডা ব্যৱহাৰ কৰা হয়.

    ১২. ব্লিচিং পাউদাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ? 

    উত্তৰ: শুকান শিথিলিত চূণ [Ca(OH)2] ৰ লগত ক্ল’ৰিন গেছৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ [CaOCl2] প্ৰস্তুত কৰা হয় I

    ১৩. বেকিং ছ’ডাৰ দুটা ব্যৱহাৰ লিখা। 

    উত্তৰ: বেকিং ছ’ডা বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ আৰু ছ’ডা-এছিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় I

    ১৪. এছিড বৰষুণ কি ? 

    উত্তৰ: বৰষুণৰ পানীৰ pH ৰ মান 5.6 ৰ কম হ’লে তাক এছিড বৰষুণ বুলি কোৱা হয় I

    ১৫. ঘ্ৰাণেন্দ্ৰিক সূচক বুলিলে কি বুজা ? 

    উত্তৰ: যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, সেইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে.

    ১৬. ধাতৱীয় অক্সাইডক কিয় ক্ষাৰকীয় অক্সাইড বোলা হয় ? 

    উত্তৰ: ধাতৱীয় অক্সাইডসমূহে এছিডৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, যিটো এটা ক্ষাৰক আৰু এছিডৰ বিক্ৰিয়াৰ সৈতে একে, সেয়ে ইহঁতক ক্ষাৰকীয় অক্সাইড বোলে I

    ১৭. চুণৰ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পঠালে কি ঘটে ? 

    উত্তৰ: চুণৰ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ পঠালে কেলছিয়াম কাৰ্বনেটৰ বগা অধঃক্ষেপ উৎপন্ন হয় আৰু পানীখিনি ঘোলা হৈ পৰে I

    ১৮. বেকিং ছ’ডা ৰন্ধা কাৰ্যত গৰম কৰিলে কি বিক্ৰিয়া ঘটে ? 

    উত্তৰ: বেকিং ছ’ডা বা ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটক তাপ দিলে ই বিয়োজিত হৈ ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে I

    ১৯. স্ফটিকাবদ্ধ জল কি ? 

    উত্তৰ: স্ফটিকাবদ্ধ জল হ’ল লৱণ এটাৰ সংকেত এককত ৰাসায়নিকভাৱে যুক্ত হৈ থকা এটা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু I

    ২০. চোৰাত পাতৰ শুঙে বিন্ধিলে কিয় বিষ হয় আৰু ইয়াৰ প্ৰতিকাৰ কি ? 

    উত্তৰ: চোৰাত পাতৰ শুঙৰ পৰা মিথানইক এছিড নিঃসৃত হোৱাৰ বাবে বিষ হয় আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে পাহাৰী পালেং গছৰ পাত সেই স্থানত ঘঁহি দিলে সকাহ পোৱা যায় I




    *********

    Store
    Shop
    Buy Book
    Book
    YouTube
    YT
    Instagram
    Insta
    WhatsApp
    WA
    Home
    Home
    Class
    Class
    FYUGP
    FYUGP
    Mock Test
    Mock Test

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website